Skip to main content

পাঠ নং ১১-তথ্যৰ ব্যৱহাৰ - নতুন গণিত (প্ৰথম ভাগ) - প্ৰথম শ্ৰেণীৰ বাবে

 এই পাঠটোৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিকিব -

። ছবি / সংখ্যা ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰিব পাৰিব আৰু লিপিবদ্ধ কৰিব পাৰিব ৷

আৰম্ভণিঃ

আয়ান, মাধৱী আৰু নীলাই বাৰীৰ পৰা ক্ৰমে আম, জাম আৰু পনিয়ল গোটালে ৷ এতিয়া কোনে কিমান ফল গোটালে চাওঁ আহা - 

 নাম

ফল 

সংখ্যা 

 আয়ান

 আম

৯ টা 

 মাধৱী

 জাম

 ১৫ টা

 নীলা

 পনিয়ল

 ১০ টা


মাধৱী আৰু নীলাৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ?

উত্তৰঃ মাধৱীয়ে বেছি ফল গোটালে  আৰু তেওঁ নীলাতকৈ  ১৫ - ১০ = ৫ টা  বেছি ফল গোটালে ৷ 

আয়ান আৰু মাধৱীৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ? 

উত্তৰঃ মাধৱীয়ে বেছি ফল গোটালে আৰু তেওঁ আয়ানতকৈ ১৫ - ৯ = ৬ টা বেছি ফল গোটালে ৷

আয়ান আৰু নীলাৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ? 

উত্তৰঃ নীলাই  বেছি ফল গোটালে আৰু তেওঁ আয়ানতকৈ ১০ - ৯ = ১ টা বেছি ফল গোটালে ৷

তিনিওজনৰ ভিতৰত কোনে বেছি ফল গোটালে ?

উত্তৰঃ  তিনিওজনৰ ভিতৰত নীলাই বেছি ফল গোটালে  ৷

তিনিওজনৰ ভিতৰত কেনে কম ফল গোটালে ? 

উত্তৰঃ তিনিওজনৰ ভিতৰত আয়ানে কম ফল গোটালে  ৷

ওপৰৰ ছবিখনত থকা ভিন ভিন পতংগৰ সংখ্যাবোৰ গণনা কৰি তালিকাত লিখা - 

 নাম

 পখিলা

 মৌমাখি

 পৰুৱা

 সংখ্যা

 

 

 



উত্তৰঃ 

 নাম

 পখিলা

 মৌমাখি

 পৰুৱা

 সংখ্যা

 ১০

 ১১

 ৮



পৰুৱা আৰু মৌমাখি মিলি মুঠতে কিমান পতংগ আছে ? 

উত্তৰঃ  ১১ + ৮ = ১৯ টা ৷
পখিলা আৰু পৰুৱা মিলি মুঠতে কিমান পতংগ আছে ? 

উত্তৰঃ ১০ + ৮ = ১৮ টা ৷
আটাইতকৈ কোনবিধ পতংগ বেছি আছে ? 

উত্তৰঃ মৌমাখি ৷
আটাইতকৈ কোনবিধ পতংগ কম আছে ? 

উত্তৰঃ পৰুৱা ৷

ওপৰৰ ছবি চাই উত্তৰ দিয়া -

বগলী কেইটা আছে ? 

উত্তৰঃ ৬ টা ৷
হাঁহ কেইটা আছে ? 

উত্তৰঃ ৭ টা ৷
মাছৰোকা চৰাই কেইটা আছে ? 

উত্তৰঃ ৪ টা ৷ 
কোনবিধ চৰাই আটাইতকৈ বেছি আছে ? 

উত্তৰঃ বগলী ৷
বগলী আৰু হাঁহ মিলি কিমানটা চৰাই আছে ?

উত্তৰঃ ৬ + ৭ = ১৩ টা ৷ 
তিনিওবিধ মিলি মুঠ কিমান চৰাই আছে ? 

উত্তৰঃ ৬ + ৭ + ৪ = ১৭ টা ৷ 

 


Comments

Popular posts from this blog

পাঠ নং ১৩-টকা পইচা - নতুন গণিত (প্ৰথম ভাগ) - প্ৰথম শ্ৰেণীৰ বাবে

 এই পাঠটোৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰীসকলে তথা অভিভাৱকসকলে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক টকা-পইচা তথা মুদ্ৰাৰ সৈতে পৰিচয় কৰাব ৷ আগৰ পুৰণি মুদ্ৰা যদি আছে তেতিয়া সেয়াও দেখুৱাব পাৰে ৷  এই পাঠটিত জৰিয়েত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিকিবলগীয়া বিষয়সমূহ হ'লঃ ። ৫০ টকালৈকে মুদ্ৰা আৰু নোটৰ লগত পৰিচয় হ'ব  ৷ ። ৫০ টকালৈকে মুদ্ৰা আৰু নোট চিনাক্ত কৰিব পাৰিব ৷  ። মুদ্ৰা আৰু নোটৰ সহায়ত ২০ টকালৈ বেলেগ বেলেগ ধৰণে হিচাপ কৰিব পাৰিব ৷  আৰম্ভণিঃ মুদ্ৰা আৰু নোটৰ লগত চিনাকি হওঁ আহা -  মিলাওঁ আহা - সমাধানঃ  আলোচনা কৰি তলত দিয়া বস্তুবোৰৰ দাম লিখা - ( শিক্ষক আৰু অভিভাৱকৰ সহায়ত ) সমাধানঃ তলত দিয়া বস্তুবোৰৰ দাম লিখা আছে ৷ প্ৰতিটো বস্তুৰ বাবে কিমান মুদ্ৰা আৰু নোট লাগিব লিখা -  সমাধানঃ