এই পাঠটোৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিকিব - ። ছবি / সংখ্যা ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰিব পাৰিব আৰু লিপিবদ্ধ কৰিব পাৰিব ৷ আৰম্ভণিঃ আয়ান, মাধৱী আৰু নীলাই বাৰীৰ পৰা ক্ৰমে আম, জাম আৰু পনিয়ল গোটালে ৷ এতিয়া কোনে কিমান ফল গোটালে চাওঁ আহা - নাম ফল সংখ্যা আয়ান আম ৯ টা মাধৱী জাম ১৫ টা নীলা পনিয়ল ১০ টা মাধৱী আৰু নীলাৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ? উত্তৰঃ মাধৱীয়ে বেছি ফল গোটালে আৰু তেওঁ নীলাতকৈ ১৫ - ১০ = ৫ টা বেছি ফল গোটালে ৷ আয়ান আৰু মাধৱীৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ? উত্তৰঃ মাধৱীয়ে বেছি ফল গোটালে আৰু তেওঁ আয়ানতকৈ ১৫ - ৯ = ৬ টা বেছি ফল গোটালে ৷ আয়ান আৰু নীলাৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ? উত্তৰঃ নীলাই বেছি ফল গোটালে আৰু তেওঁ আয়ানতকৈ ১০ - ৯ = ১ টা বেছি ফল গোটালে ৷ তিনিওজনৰ ভিতৰত কোনে বেছি ফল ...
Comments
Post a Comment